Skip to playerSkip to main contentSkip to footer
  • 3 days ago
মাজুলী: মাজুলীৰ অফলামুখ পাৰঘাটত আজি হঠাতেই যাত্ৰীসকলৰ মাজত লাগিল হাহাকাৰ । সন্মুখত যেন জীয়া যম ! কি হ'ব পাৰে পৰিস্থিতি ? সকলো যাত্ৰীৰ মাজত আৰম্ভ হ'ল চিঞৰ-বাখৰ । সকলোৱে সাজু হৈছে প্ৰাণ ৰক্ষাৰ বাবে । পিছে ফেৰীৰ ওপৰত থকা বাহনৰ চালকৰ কি হ'ব ? মুহূৰ্ততে সংঘটিত হোৱা ঘটনাটো যেন কোনোৱেই ধৰিব পৰা নাছিল ।মাজুলীৰ অফলামুখ পাৰঘাটত শুকুৰবাৰে এখন ৰ'পেক্স ফেৰীয়ে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ঘাটত বান্ধি ৰখা এখন গুটিয়া ফেৰীত । এছ বি সৰুমাই নামৰ গুটিয়া ফেৰীখনৰ এই দুৰ্ঘটনাত যথেষ্ট ক্ষতিসাধন হয় । লগে লগে যাত্ৰীৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হয় । কোনোৱে ফেৰী এৰিব পৰা নাই ঘাটৰ পৰা । ঘাটত আবদ্ধ হৈ পৰে পাৰ হ'বলৈ অহা যাত্ৰীসকল । ৰ'পেক্স ফেৰীৰে মৰা খুন্দাত গুটিয়া ফেৰীখনত উঠাই থোৱা দুচকীয়া বাহন নাৱৰ ওপৰতে পৰি যায় ।  এছ বি সৰুমাই নামৰ দুৰ্ঘটনাত পতিত হোৱা গুটিয়া ফেৰীখনৰ এগৰাকী কৰ্মচাৰীয়ে এই সন্দৰ্ভত কয়, "তেওঁলোকে গুটিয়া ফেৰীখনত যাত্ৰী পৰাপাৰ কৰিবৰ বাবে যাত্ৰী তুলি আছিল । সেই সময়তে এই দুৰ্ঘটনা সংঘটিত হয় ।" আনহাতে, গুটিয়া ফেৰীখনত থকা এগৰাকী যাত্ৰীয়ে কয়, "এটা ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি আমি বাচিছো । পুৱাৰ ভাগতে নাৱৰ কৰ্মচাৰীসকলে সকলো ফেৰী চাব লাগে ঠিকে আছেনে নাই । কেৱল ধন উপাৰ্জনত গুৰুত্ব দিব নালাগে । যাত্ৰীৰ জীৱনৰ কথা চিন্তা কৰিব লাগে ।"লগতে পঢ়ক:তেলৰ অভাৱত মাজুলীত বন্ধ চৰকাৰী ফেৰী সেৱা - MAJULI FERRY SERVICEঘন কুঁৱলীৰ বাবে বৰলুইতত আবদ্ধ যাত্ৰীবাহী ফেৰী - FERRY STRANDED IN DHUBRI

Category

🗞
News
Transcript
00:00Thank you so much for watching.

Recommended